প্ৰেম- অপ্ৰেম......✍ আকাশ প্ৰিয়ম

শ্ৰাৱণী… কেনাবোৰ ক'ত লাগিল?
'Making relations for the complete life is not important. But having relations who fill up the imcompleteness in your life is more important'

এনেকৈয়ে আৰম্ভ হোৱা এখন চিঠি৷ চিঠিখন আকাশলৈ লিখিছিল এসময়ৰ অতি আপোন তাৰ বৌয়েকে৷ আজি সি চিঠিখন কিতাপৰ জাপৰ মাজত বিচাৰি পাই পুনৰ পুনৰ পঢ়ি অনেক ভাৱৰ অৰণ্যত বুৰ গৈছে৷ সঁচাকৈ এটা সম্পৰ্কই কি দিলে তাক? এসময়ৰ সুখৰ একমাত্ৰ উৎসবোৰ আজিচোন অচিনাকি হৈ ৰ'ল৷ সময়ৰ নিষ্ঠুৰতা নে জীৱনৰ কিছু ভুল অংকৰ ফলাফল এয়া…?
সি এতিয়া কাকনো ক'ব পাৰে তাৰ মনৰ মাজত কি ভাৱে উন্মাদ কৰি তোলে৷ কোনো নাই৷ নাই মানে…আছে… আছে এতিয়াও তাক বুজি পোৱা এগৰাকী মানুহ৷ তাৰ সমবয়সৰ নহ'লেও তাৰ বাবে একান্তই আপোন সেয়া শ্ৰাৱণী…৷
- বয়সতকৈ এখোজ আগবাঢ়ি ভৰি দি কাম কৰিবলৈ কোনোবা আপোন তোমাৰ অগ্ৰজে উপদেশ দিছিল, ৰাখিব পাৰিছানে তুমি?
- নাই,একদম বেয়া সেইটোয়েই কৰিলো যে, চিন্তাবোৰ মই বয়সতকৈ আগতেই কৰিলো আৰু এটাৰ পিছত এটাকৈ জীৱনটোত ভুলেই কৰি গ'লো৷ চিঠিখন সি শ্ৰাৱণীক পঢ়িবলৈ দিছিল৷ চিঠিখন পঢ়ি শ্ৰাৱণীয়ে কৈছ আৰু সি উত্তৰ দি গৈছে৷

- কিবা এটা হৈছে মোৰ৷ মই যেন বেছিদিন নাথাকিম…৷
আকাশৰ আকস্মিক কথাৰ উত্তৰ দিছে শ্ৰাৱণীয়ে-
- উম…মোৰো হয়৷ বুজি পাইছো৷
- সময়ৰ পাখিত উৰি/ মই যদি গুচি যাওঁ/ জীৱন নাট সামৰি/ ৰাখিবানে তুমি মোৰ/ স্মৃতিৰ সাঁকোডাল/ অনন্ত কাললৈ বান্ধি?" -হঠাৎ এনেকৈ মোৰ মনলৈ কিয় আহিল? একোতে আগ্ৰহ নোহোৱা হৈছে ৷ বিমূূূূৰ্ত… মোৰ শৰীৰ আৰু মনটো যেন বিমূূূূৰ্ত হৈ পৰিছে…৷
- সংগীহীনতা…নিসংগতাই তেনে ভাব আনে… মই বুজিছো৷ এইবোৰ আচলতে একো একোটা অভিজ্ঞতা…৷ মনটোক পূৰণ কৰাৰ৷ সব ঠিক হ'ব৷ অলপ ধৈৰ্য ধৰা৷
- তুমি এটা কাম কৰিবা৷ মোৰ অনুপস্থিতিত মোৰ চিন্তাবোৰ তুমি লিখিবা৷ মোৰ ভুলবোৰ… শুদ্ধবোৰ… সকলো৷ মোৰ ভুলবোৰ ধাকিবলৈ তুমি অলপো হেমাহি নকৰিবা৷ কেৱল তোমাকেই বহু অকথ্য কথা কৈ দিলো৷ মোৰ জীৱনৰ অকথ্যবোৰৰ পৰা তুমি মোক প্ৰতিস্থা কৰিবা, মোৰ অনুপস্থিতিত মই অস্তিত্বহীন হৈ মৰিব নোৱাৰো৷
- মই নহয়৷ তুমি নিজেই লিখা সকলো৷ এয়া… এটা ৰূমত তুমি মই অকলে আছো৷ চোৱা… মোলৈ চোৱা…ইমান কিয় ধৈৰ্য হেৰুৱাইছা… কৈ যোৱা… তোমাৰ কথাবোৰেই হৈ উঠিব তোমাৰ এখন নিকা ছবি৷ তোমাৰ ছবিখন তুমি প্ৰকাশ কৰি যোৱা৷
- এৰা শ্ৰাৱণী৷ মোৰ কথাবোৰ কেৱল তোমাকেই কব পাৰো৷……
সেই যে চিঠিখন বৌয়ে লিখিছিল… সেইখনেই আৰম্ভণি মোৰ এটা নতুন জীৱনৰ৷ কাকো ক'ব নোৱাৰা কথাবোৰ সেই সময়ত বৌক কৈছিলো৷ বৌয়ে বুজিছিল৷ অনুভৱ কৰিছিল আৰু মোক মাতিছিল "লিটল হাৰ্ট" বুলি৷ এটা ধুমুহাত বিদ্ধস্ত হৈ মই বৌক হেৰুৱালো৷ সেই সময়ত বৌৰ দিহা- পৰামৰ্শতেই মোৰ জীৱনলৈ প্ৰেম আহিছিল৷ মই পৰিপূৰ্ণ হৈ উঠিছিলো প্ৰেমেৰে৷ প্ৰেমৰ বাবেই ক্ৰমশঃ বৌৰ অনুপস্থিতি পাহৰিব পাৰিছিলো৷ আজি মই বৌক বেছি অনুভৱ কৰিছে৷ কাৰণ সেই চিটিখনত বৌয়ে যেন আজিৰ দিনবোৰৰ কথাই ভৱিষ্যত বাণীৰূপে লিখিছিল…কি অদ্ভুতভাৱেই মই মোৰ জীৱনটেত দুখবোৰ নিজে বিচাৰি লৈছো… তাৰ বৰ্ণনা মই নকৰিলে নহ'ব৷
- কৈ যোৱা… মই শুনি আছো তোমাৰ কথাবোৰ…তোমাৰ সততাৰ বাবেই সত্যৰ সন্মুখীন হ'বলৈ কুণ্ঠাবোধ নকৰা তুমি আৰু সেইবোৰেই অতিষ্ঠ কৰি তুলিছিল তোমাক৷
- ঐ…তোমাৰ নাম শ্ৰাৱণী কোনে দিলে?
- মোৰ মায়ে দিলে৷ শাওণৰ বুদ্ধ পূৰ্ণিমাত মই জন্ম হৈছিলো৷
- হেই কি কোৱা… বুদ্ধ পূৰ্ণিমা ব'হাগত৷ এবাৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ এটা কাহিনী আছে৷ তোমাক কোৱাই নাই৷ কম… তোমাকেই কৈ যাব লাগিব
- ক'বা…অহ: মাক সুধিলো…এটা গালি দি ক'লে- শ্ৰাৱণী মানে হেনো শাওণৰ বৰষুণ৷ শাওণৰ বৰষুণৰ দিনবোৰত জন্ম হৈছিলো বাবেই শ্ৰাৱণী…৷
- এৰা,তুমিয়েই যেন মোৰ জেঠৰ খৰৰ পাছৰ শাওণৰ বৰষুণ… এতিয়া তোম্ৰ বৰষুণজাকেই মোক যেন সজীৱ কৰি তুলিছে৷
- মূল কথালৈ আহা…৷ সন্মুখত ৰাখি প্ৰশংসা কৰিব নাপায়৷
- ৰ'বা চিগাৰেট এটা জ্বলাই লওঁ…৷ চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলি পকালেহে মনৰ ভাৱবোৰ আহি থাকে৷

মই যেতিয়া প্ৰেমৰ বান্ধোনত বান্ধ খাই আছিলো, তেতিয়া মই কবিতা লিখিবলৈ এৰিছিলো আৰু প্ৰথম যে কবিতাৰ যোগেদিয়েই মই মোৰ চিনাকি দিছিলো৷ আৰু মই বিচৰা জীৱনটো পাই কিয় মই মোৰ অস্তীত্ব হেৰুৱা যেন অনুভৱ কৰিছিলো৷
এয়া চোৱা -দিনক দিনে মোৰ প্ৰেমিকাৰ কিদৰে মোৰ প্ৰতি বিষেদগাৰ প্ৰকাশ কৰিবলৈ লৈছে চোৱা- "মই যেন চটফটাইছো/ বাট বিচাৰি সুখৰ/ কোন সেই প্ৰিয় পুৰুষ/ যিয়ে মোৰ হিয়াৰ বেদিত/ নিজক উজাৰি দিব/ এতিয়াচোন মোৰ প্ৰেমিকৰ/ আনৰ সৈতে পাৰ্থক্য নেদেখো/ প্ৰেমৰ পৰা চৰম প্ৰাপ্তি পাই/ আজিচোন মই যন্ত্ৰণাত ছটফটাও৷" এই কাগজখিলা মই সজতনে ৰাখিছো৷ মোৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি ছটফটাইছে মোৰ প্ৰেমিকাই৷ মোৰ দৈনন্দিন অনুৰাগবোৰত অভ্যস্ত হৈ হৈ আমুৱাইছে ৷ তাৰ আগতে মই কবি আছিলো৷ নোপোৱাৰ ভাৱৰ উন্মেষ ঘটিছিল কবিতাত৷ সকলো পাই পৰিপূৰ্ণ হৈ কবিতা লিখিবলৈ এৰিলো আৰু এটা কথা, এই যে বিষাদগাৰ… মোৰ বেয়া অভ্যাস মানে… মদৰ ৰাগিত কেতিয়াবা ডুবিবলৈ মন যোৱা আৰু চিগাৰেটৰ কুণ্ডলী পকেৱী, এইবোৰে  তাইক বাৰুকৈ অতিস্ত কৰি তুলিছিল৷

তাৰ মাজতে মই দেখিলো, মোৰ প্ৰেমিকাৰ বাবে মোৰ প্ৰতি সন্মান আৰু বিশ্বাসৰ অভাৱ৷ অলপ কথাতে আগ-পিচ নুশুনি মোক বেয়াকৈ কোৱা কথাবোৰ মোৰ হজম নোহোৱা হৈ আহিল৷ এনে লাগিল মই মোৰ অস্তিত্ব একেবাৰে হেৰুৱাবৰ উপক্ৰম হৈছে৷
তেনে দিনবোৰতে, মই বুজিছিলো যে মই যদি এই প্ৰেম হেৰুৱাওঁ… প্ৰেমৰ জুইকুৰাই মোক গোটেই জীৱন দহি থাকিব৷ আৰু মই উদ্বাউল হৈছিলো৷ যন্ত্ৰণাকাতৰ হ'বলৈ…যন্ত্ৰণাত এক সৃষ্টিৰ উৎস আছে৷ মোৰ অস্তিত্ব মোৰ সৃষ্টিৰ মাজতেই থাকিব৷ সেয়ে মই মোৰ প্ৰেমিকাক মোৰ পৰা মুক্তি দিবলৈ সম্পৰ্কটো ভঙাৰ প্ৰস্তাৱ দিলো৷ তাৰ মাজতে মই নাটকীয়ভাৱে অন্য এগৰাকী ৰূপহীৰ সৈতে মিলিত হ'লো৷ জানিছিলো এইবাবেই মোৰ প্ৰেমৰ পৰা মোৰ প্ৰেমিকা আঁতৰি যাব৷
ভবা মতেই হ'ল৷ মই যন্ত্ৰণাকাতৰ হৈ সৃষ্টিৰ মাজেৰে মোৰ হেৰুৱা প্ৰেমক ঘূৰাই পোৱাৰ বাবে অজস্ৰ সপোন দেখিলো আৰু সেই সপোনত ডুবি ডুবি মই আজি বিদ্ধস্ত হৈ পৰিছো৷ তাৰ মাজতেই অৱেকৰ সৈতে অৱেক সময়ত প্ৰেমালাপ…সেইবোৰ জীৱনৰে একোটা অধ্যায়৷ কিন্তু সেইবোৰে মোক প্ৰভাৱিত কৰিব নোৱাৰিলে৷

মই জীৱনটোক লৈ যেন এক নতুন নতুন এক্সপেৰিমেণ্ট কৰিবলৈ আগবাঢ়িলো৷ সেইবোৰৰ ভিতৰত প্ৰেমৰ প্ৰতি মোৰ এক নতুন অনুসন্ধান আৰম্ভ হ'ল৷ প্ৰেম কি?
প্ৰেম কি শাৰীৰিক মিলনৰ বাসনা? সুখানুভূতি ক'ত প্ৰেমৰ?  এৰা… মই গ'লো বেশ্যালয়লৈ…৷ দেখিলো আৱেগহীন শৰীৰবোৰে কিদৰে টকাৰ বিনিময়ত শৰীৰৰ দাম দৰ কৰে৷ সেই কথাবেৰে ওভতনি বাটত মোক দিছিল অনেক চিন্তাৰ উদ্ধেগ৷ আৰু দুৰ্ঘটনাত মই সোঁহাতৰ বুঢ়া আঙুলিটো ভাঙিলো৷ কথাবোৰ তাতেই নৰ'ল৷
অনেক গাভৰুৰ প্ৰতি জাগি উঠা মোৰ মনৰ অস্থিৰ আৰ্কষণত অনেকৰ সৈতে টেলিফোনিক বাৰ্তালাপ আৰু মিলনত মই যেন এটা যন্ত্ৰলৈ পৰিণত হ'লো৷ এনে অনেক সম্পৰ্ক মই কোনো বিশেষ কাৰণ নোহোৱাকৈ পাবলৈ আৰু হেৰুৱাবলৈ কুণ্ঠাবোধ নকৰা হ'লো৷ ক্ষন্তেকৰ সুখ অনুভৱেৰে মই অতি গভীৰ দুখ সাবটি ল'লো৷
মোৰ এনে ভাৱ কিয় আহিছিল জানা? প্ৰতিপন্ন কৰিব বিচাৰিছিলো যে, মই বহু ছোৱালীৰ অন্তৰত জাগ্ৰিত কৰিব পাৰো প্ৰেমৰ ভাব৷ কিন্তু সকলো কথাই মোক কেৱল নিৰাশ কৰিছিল, সকলোৰে মাজত মই মোৰ অতীত বিচাৰিবলৈ ল'লো আৰু ক্ৰমান্বয়ে সকলোৰে সংগবোৰ এৰিবলৈ যত্ন কৰিলো৷
অৱশ্যে, মই যিবোৰ নাৰীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিলো, সেইবোৰহে মই পাহৰিব পাৰিছিলো৷ যিবোৰৰ সৈতে বিশেষ ঘনিষ্ঠ হোৱাৰ আগতেই হঠাৎ সম্পৰ্ক নোহোৱা হৈছিল, সেইবোৰক আজিও বিচাৰি চলাথ কৰো৷ তাৰ মাজৰ কিছুমানে হয়তো মোৰ অস্থিৰতাৰ উমান পায় মোৰ সৈতে বিচ্ছেদ কৰিছিল৷
মোৰ অস্থিৰতাৰ বাবে ভয় খোৱা এগৰাকী বিশেষ নাৰীৰ কথা তোমাক কোৱাই হোৱা নাই৷ সেই যে, বুদ্ধ পূৰ্ণিমাৰ বিশেষ কাহিনী এটা আছে বুলি কৈছিলো, কওঁ শুনা-
মোৰ সৈতে বাৰ্তালাপ কৰি এগৰাকী নাৰী মোৰ প্ৰেমত পৰিল৷ চাকৰিৰ সংক্ৰান্তত আহিছিল অৰুণাচললৈ ৷ মোক মাতিলে৷ এটা ৰোমাঞ্চকৰ যাত্ৰা কি, কি হ'ব, কি নহ'ব অনেক ভাবৰ মাজেৰে গৈ মই অৰুণাচলৰ চি চেক্টৰৰ হোটেল কচিং পালোগৈ ৰাতি ন' মান বজাত৷ সঁচাকৈ কি আছিল নাজানো৷ কিয় জানো মনৰ দুৰ্বলতাত পালোগৈ সেই অচিন অজান ঠাই আৰু ৰাতি যাপন কৰিলো সেই সুন্দৰী নাৰীৰ সৈতে৷ গোটেই ৰাতি নিদ্ৰাহীনতাত মই সেই নাৰীৰ ৰূপ- সৌন্দৰ্য উপভোগ কৰি পুৱাই ঘূৰি আহিলো৷ তাৰ পাছত আৰু আজিলৈকে সেই সুন্দৰীৰ সৈতে বিশেষ যোগাযোগ নাই৷ তেওঁ হেনো মোৰ অস্থিৰ আকুলতাক ভয় কৰে৷
এনেদৰেই মই আকৌ ঘূৰি যাওঁ৷ সকলোৰে পাছতো মোক খেদি ফুৰে অতীতৰ প্ৰেমৰ আকুলতাই৷ মই অস্থিৰ হৈ পৰো৷ অস্থিৰতাৰ বিপৰীত স্থিতিত মই যদি জীৱনটোৰ অন্বেষণ কৰো আৰু সফলতা লাভ কৰিবলৈ সক্ষম হওঁ, মই জানো মই সুখী হ'ব পাৰিম৷ জীৱন সেয়াই অভিজ্ঞতাৰে পূৰ্ণ হৈ সফল হ'ব লাগে৷
কিন্তু মোৰ অস্থিৰতাই মোক জঠৰ কৰি তুলিছেে৷ মোৰ শিৰা- উপশিৰাবোৰ হৈ পৰিছে ক্লান্ত৷ মোৰ অনুভৱ প্ৰৱণ মনটো শুই পৰিছে৷ মই যেন জীৱন জয় কৰিবলৈ আগুৱাইছো৷ ৰিমঝিম ৰিমঝিম
মোক এজাক বৰষুণ লাগে শ্ৰাৱণী৷ প্ৰখৰ শীতে দহিছে মোৰ মন৷ এজাক শাওণৰ বৰষুণ হৈ ধৰা দিয়া মোক৷ মই ভৰুণ মেঘৰ ছাঁত অলপ জীৰাওঁ…৷ জীৱন…৷ জীৱনৰ অংকবোৰ কৰি চাওঁ৷ শ্ৰাৱণী কেনাবোৰ ক'ত লাগিল?