শৰতৰ সুবাসতে পূজাৰ আনন্দ, তাৰ মাজতে কাতি বিহু......✍ হীৰামনি শৰ্মা উপমন্যু

ঋতু আহে, ঋতু যায়....

আমাৰ অসমত ছয় ঋতু, এই ঋতুৰ ভিতৰত শৰত হ'ল অনন্য৷ শৰত আহে আহিনৰ হাতে হাতে হাত ধৰি সদ্যস্নাতা মোহময়ী ঋতুৰাণী হৈ, কোনোৱে শৰতক ঋতুৰাজ বুলিও কয়৷ ঋতু ৰাজে হওক বা ঋতুৰাণীয়ে হওক শৰতে আনে শাৰদীয়ো দুৰ্গোৎসৱ৷ শৰতৰ গাতে লাগি আহে দুৰ্গা পূজা, লক্ষ্মী পূজা, কালি পূজা,  আদি দেৱী মাৰ পূজাৰ লগতে আহে কাতি বিহু, পোহৰৰ উৎসৱ দীপাৱলী আৰু এই শৰততে পূৰ্ণিমা ৰাতি স্নিগ্ধ জোনাক নিশা শ্ৰী কৃষ্ণৰ ৰাসলীলা৷  শৰতৰ পূৰ্ণিমা ৰাতি শীতল মলয়া বতাহত কৃষ্ণৰ মোহন বাঁহীত পঞ্চম সুৰৰ ধ্বনিত বৃন্দবনে যৌৱনা হৈ ফুলে - ফলে জাতিষ্কাৰ হয়, বলিয়া হয় যমুনাৰ গোপ-গোপিনী আৰু এই শৰতৰ সময়তে শ্ৰী কৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলা কৰিবলৈ মন কৰে-
"শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন৷
ৰাসলীলা কৰিতে কৃষ্ণৰ ভৈলা মন৷"

অসমৰ প্ৰতিটো ঋতুৱে প্ৰকৃতিৰ নানা সম্ভাৰ লৈ আহে আমাৰ মাজলৈ৷ যেনেদৰে ফাগুনত শুকান পাতে পাতে প্ৰেম সিঁচি উন্মনা কৰি তোলে দেহ- মন চৌদিশে পলাশ, শিমলু, মদাৰৰ ৰঙে জুই ফুল ফুলি ধৰা খন ৰঙীন কৰি তোলে, ফাগুনৰ পচোৱাই ধূলিয়ৰিৰ ধুমুহা আনি গছক লঠঙা কৰি লৈ আহে নতুনৰ বতৰা৷ ব'হাগত কোকিল কণ্ঠৰ সতে ফুলে পাতে জাতিস্কাৰ হৈ প্ৰাণ পাই উঠে অসমী৷ ফাগুনৰ শুকান ধুলিয়ৰিয়ে চৌপাশ আৱৰি থকা সময়তে এজাক বৰষুণ বিচাৰে সকলোৱে , এজাক সপোন যেন বৰষুণ লৈ আহে বৰষা ঋতুই, হাততে হাত ধৰি নামি আহে ধৰালৈ গ্ৰীষ্ম ঋতুয়ো৷ গ্ৰীষ্মৰ উৎকট গৰম আৰু ৰ'দে পুৰি যোৱা অৱস্থাত বৰ্ষা ঋতুৰ এজাক বৰষুণে মূষলধাৰে বৰষি মানুহৰ হিয়ামন চুই যায়৷ তেনেদৰে বন প্ৰকৃতিৰ সুষমাই শৰত অহাৰ বাতৰি দি যায়৷ প্ৰকৃতিয়ে অপৰূপ ৰূপে ধৰাক সজাই শৰতক আদৰে, শৰত তুমি অন্যান্য, তুমি মোহময়ী৷
আহিনে শৰতক মাতে৷ কুঁৱলীৰ কোমল ওৰণি লৈ নিয়ৰত তিতা পদূলিৰ তলসৰা শেৱালি বুটলি, নিৰ্মল আকাশে আমন্ত্ৰণ কৰে শৰতক৷ শৰত এক শুভ্ৰ স্ফটিকৰ দৰে চিকচিকাই পবিত্র৷ শৰততে কৈলাশৰ পৰা নামি আহে দেৱী দুৰ্গা, নামি আহে আইৰ স'তে ধৰালৈ গণেশ, কাৰ্ত্তিক, লক্ষ্মী- সৰস্বতী৷ দেৱীক  আৰাধনা কৰিবলৈ ধৰাত মানুহে শংখ ঘণ্টা বজাই ৰৈ থাকে৷

পূজা আহিলে নিপুণ খনিকৰৰ হাতৰ
পৰশত দেৱী দুৰ্গাই প্ৰাণ পাই উঠে৷ দেৱীৰ পূৰ্ণিমাৰ
দৰে লাৱন্যময়ী মুখমণ্ডলৰ মাজতো থাকে এক স্মিত প্ৰতিবাদৰ ভাষা৷ এতিয়াও অসমৰ বহু ঠাইতে বানৰ সন্ত্ৰাস আছেই৷
তাৰ মাজতে শাৰদীয় দুৰ্গা পূজা, এতিয়াও শৰত অনুভৱ কৰিব পৰা নাই৷ এতিয়াও আকাশ ডাৱৰে ঢাকিয়ে ৰাখিছে, বানে গৰকা মানুহৰ মনবোৰত এতিয়াও বিভীষিকাই কঁপাই থাকে কাৰণ কোন মুহূৰ্তত এজাক দোপালপিটা বৰষুণে কেতিয়া উটুৱাই লৈ যাব জীৱনৰ সমস্ত৷

শৰৎ সকলো মানুহৰে প্ৰিয়, শৰৎ ঋতুৰ সময়তে প্ৰকৃতিয়েও গাভৰু হৈ জোনাকৰ নূপুৰ পিন্ধি শুভ্ৰ মেঘফুলা আকাশত সপোন হৈ নামি আহে আমাৰ মাজলৈ৷ হৃদয়বোৰো দেখো প্ৰেমেৰে ভৰি পৰে, চৌদিশ মাথোঁ শুভ্ৰতা- শুভ্ৰতা। কঁহুৱায়ো শুভ্ৰ বসন পিন্ধি দেশলৈ কঢ়িয়াই লৈ আহে সুখ- শান্তি, আশা- আকাংক্ষাৰ সংমিশ্ৰণ, শেৱালিৰ মিঠা সুবাসেৰে নিয়ৰত তিতি- বুৰি আহিনৰ বোকোচাত আহে ঋতুৰাণী কুঁৱলিৰ ওৰণি লৈ ন- কইনাজনী হৈ৷

শৰৎ ঋতুৰ তুলনা নাই, মাথো হৃদয় জুৰোৱা উদ্দীপনা, তাৰ বাবেই চাগে এই শৰৎ ঋতুয়ে বলিয়া কৰে কবি আৰু গীতিকাৰক৷ আদিকবি বাল্মীকিকো এই সময়ৰ  শান্ত- সৌম্য স্নিগ্ধ জোনাক প্ৰশান্তি শৰতৰ বৈচিত্ৰ্যময় ৰূপে মোহিত কৰিছিল৷ সেয়েহে তেওঁক শৰতৰ নৈসৰ্গিক শোভা আৰু ঘটনাই সীতা বিৰহত ৰামৰ হৃদয়তো জগাই তোলা অনুভৱটো শৰতৰ বিতোপন জোনাক নিশাৰ ৰূপ বৰ্ণনা কৰিছে৷

শৰৎ -শৰৎ -এক মিঠা সুবাস, শৰৎ মানে চৌদিশ নান্দনিক ৰূপেৰে সৰগ পুৰিহে৷ পুৱাৰ কুঁৱলি ফালি ভিজা ভিজা দুবৰি তথা সেউজীয়া পথাৰে নিয়ৰৰ কাণফুল পিন্ধি ৰ'দালিও নামে ধৰালে এমোকোৰা  মিচিকিয়া হাঁহিৰে৷ সকলোৰে মনলৈ প্ৰশ্ন আনে শৰৎ আহেনে আহিনৰ বোকোচাত নে আহিন আহে শৰতৰ হাতে হাতে হাত ধৰি৷ এই সময়তে পথাৰেও সেউজীয়া বৰণ সলাই থোক ধৰে, চৌদিশে ডাঁহেচীয়া গোন্ধে হৃদয় চুই যায় পথাৰ খনে ভৰুণ হৈ গভৰু হয়।
আহিন-শৰৎ-পথাৰ -- এক অপূৰ্ব সোণবৰণীয়া প্ৰেমৰ সোলেং৷ খেতিয়কৰো মনবোৰত সপোনে মিনা কৰি যায়, হেঁপাহ বোৰো আইভিলতা হৈ বাঢ়ি আহি মনৰ মাজত গৰ্ভৱতী হয়৷ ঘৰে ঘৰে বাজে পোৱাৰ আৰতি, বানে বলৎকাৰ কৰি যোৱা পথাৰক আশাবোৰে দোঁ খাই পৰিছিল বৰষা ঋতুত৷ এতিয়া শৰৎ - শৰৎ মানে সপোনে পূৰ্ণতাৰে পৰিপূৰ্ণ হোৱাৰ সময় শৰৎ - শৰৎ- শৰৎ অহ্ শৰৎ -- তোমাৰ ৰূপৰ নাই যে আদি- অন্ত।

এই শৰততে বিভিন্ন ৰূপেৰে দেৱীক আৰাধনা কৰা হয়।আৰু এই দেশতে ছোৱালী ভ্ৰুণহত্যা কৰা হয়, ধৰ্ষণ কৰা হয়, পণ্যদ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু মানসিক তথা শাৰীৰিক অত্যাচাৰ কৰা হয়৷ মই ক'ব খোজো বৰ্তমান আধুনিক জীৱন যাত্ৰাত প্ৰতিগৰকী দশভুজা দেৱী হোৱাটোৰ প্ৰয়োজন৷
এই শৰততে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু হয় বিহু অসমীয়া জাতিৰ জাতীয় উৎসৱ৷ বিহু অসমীয়া জাতিৰ জাতীয় জীৱনৰ আৱেগ- অনুভূতিৰ সৈতে জড়িত৷
এই কাতি মাহতে কৃষকৰ ভড়াঁল উদং হয়, সকলো শষ্যৰে অভাৱ -অনাটন এই সময়ত হয় বাবে কাতি বিহুত ভোগ নাই লগতে আনন্দ উৎসৱো কৰা নহয়৷ সেইবাবে কাতি বিহুক "কঙালী বিহু "বুলিও কোৱা হয়।এই কাতি বিহুক যদিও কঙালী বিহু কোৱা হয় কিন্তু এই
বিহুৰো মাদকতা আছে৷ এই বিহুৰ সময়তে খেতিয়কৰ হেঁপাহৰ পথাৰত সেউজীয়া ধাননি ডৰা লহ্ পহকৈ বাঢ়ি থোক ধৰি সোণালী বৰণ ল'ব ধৰে, তাকে দেখি কৃষকৰ মন আনন্দৰে ভৰি পৰে
অসমীয়া সমাজ যিহেতু খেতি প্ৰধান খেতিতে অসমীয়া মানুহৰ জীৱন৷ সেউজ বোৰ ভৰুণ হৈ উঠা দেখি খেতিয়কৰ মনত সপোনে পোহাৰ মেলে, লখিমীৰ আগমনৰ বাবে কৃষকৰ দুচকুত ভাহি উঠে এটি আশাৰ বতৰা৷ সেইবাবে অসমীয়া সমাজে ঘৰৰ  চোতালত ওখকে মাটিৰে ঢিপ এটি সাজে আৰু তুলসী এজোপা, আদা একোজোপা ৰুই তাৰে  তলত চাকি, নৈবেদ্য আগবঢ়োৰ উপৰিও খেতি পথাৰত এগছি বন্তি জ্বলাই শষ্য ভাল হোৱাৰ কামনা কৰি সেৱা জনায়৷ কাতিবিহুৰ দিনা খেতি পথাৰত চাকি- বন্তি জ্বলাই পোক -পৰুৱা বা আন প্ৰাকৃতিক দুৰ্য্যোগ নহ'বৰ বাবে প্ৰাৰ্থনা কৰে৷ কাৰণ ধানৰ থোক ধৰিব ধৰাৰ পৰাই নানান পোকে খেতি পথাৰৰ শষ্যৰ ওপৰত উপদ্ৰৱ কৰে৷ এই সময়ত
এইবাবে চাকি পথাৰত জ্বলায় যাতে জুইত পৰি বহু
পোকৰ মৃত্যু হয়৷ তুলসী, ধাননিত চাকি দিয়াৰ উপৰিও ভৰাঁল ঘৰ, ঢেঁকীশাল আৰু পদূলিৰ নঙলা মুখতো চাকি জ্বলোৱা হয়৷ অসমীয়া মানুহৰ জীৱনত কাতি বিহুৰ প্ৰভাৱ অতি বেছি৷ কাতি বিহুৰ দিনা অসমীয়ালোকে চোতালত মাটিৰ ঢিপটো ভালদৰে মুচা কাচা কৰি সন্ধিয়া দ্বীপ ধাৰত চাকি জ্বলাই মাহ -প্ৰসাদ ফলমূল তামোল -পাণেৰে শৰাই আগবঢ়াই সেৱা জনাই তুলসী তলত নাম গায়৷ কাৰণ তুলসী হৈছে লক্ষ্মী দেৱীৰ প্ৰতীক অতীজৰ পৰা মানুহে মানি আহিছে যে কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি -বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে লক্ষ্মীদেৱীৰ আগমন হয়৷ অসম বাসীয়ে গোটেই কাতি মাহটোৱে তুলসী তলত চাঁকি জ্বলায়।

ঠিকনাঃ গুৱাহাটী