জাংফাইৰ উৎস বিচাৰি......✍ ধীৰেন শইকীয়া

অলংকাৰ হিচাপে নাৰীসকলে ডিঙি কাণ, ভৰি, নাক আৰু হাতত বিবিধ সামগ্ৰী পিন্ধাৰ পৰম্পৰা কেইবাটাও শতিকাৰ আগৰ পৰাই চলি আহিছে৷ অতীজত হাতত গাম খাৰু আৰু কাণত কেৰু- মণি থুৰীয়া আৰু জাংফাই পিন্ধিছিল অসমীয়া নাৰীয়ে। পিছে এই জাংফাইনো কি তাৰ বিষয়ে আজিলৈকে আমি প্ৰণালীৱদ্ধ আলোচনা হোৱা দেখা নাই। একে আষাৰে ক'বলৈ গ'লে জাংফাই অসমৰ এবিধ প্ৰাচীন শিল্প।

জাংফাই কি ?
সহজ কথাত ক'বলৈ গ'লে জাংফাই জীৱাশ্মৰূপী গছৰ ৰজন বা ধূনা। বহু বছৰ মাটিত পোট গৈ থাকি ই ধূনাৰ ৰূপ লয়। মধ্য যুগত অসমত ইয়াৰ পৰা অলংকাৰ গঢ়াই পিন্ধাৰ পৰম্পৰা আছিল। উইকিপিডিয়াত আছে 'Amber is fossilized tree resin, which has been appreciated for its color and natural beauty since Neolithic times. Much valued from antiquity to the present as a gemstone, amber is made into a variety of decorative objects. Amber is used in jewelry. It has also been used as a healing agent in folk medicine. 

● কি কি ৰঙৰ জাংফাই আছে ?
● অসমলৈ ক'ৰ পৰা আহিল জাংফাই ?
কেইবাটাও ৰঙত ইয়াক পোৱা যায়। যেনে সেউজীয়া, হালধীয়া, ৰঙা, নীলা, মুগা আদি কেইবাটাও ৰঙত ই উপলব্ধ। তাহানি কালত বাৰ্মাৰ শ্বান টাই আহোম বংশীয় লোকসকলৰ মাজত ইয়াৰ ব্যৱহাৰ বেছি দেখা গৈছিল আৰু তাৰ পৰাই অসমলৈ এই জাংফাই শিল্পৰ আমদানি হ'ল বুলি ভবাৰ অৱকাশ আছে৷ অলকা মহন্ত বৰুৱাৰ বাৰ ছেপ্টেম্বৰৰ 'দৈনিক অসম'ৰ এক প্ৰবন্ধত উল্লেখ যে 'জাংফাই অসমলৈ  নৰা দেশৰ পৰা আহিছিল। জাংফাই খনি ব্ৰহ্মদেশৰ শ্বান ৰাজ্যৰ হুকং উপত্যকাত আছে। গছ- গছনিৰ মাজত কেইফুটমান খান্দিলেই পোৱা যায়। জাংফাই বিচাৰি উলিওৱা ইমান সহজ কথা নহয়।'

● ক'ত আছে আজিও জাংফাইৰ ব্যৱহাৰ ?
● আজিকালি কিমান দাম এডাল জাংফাই অলংকাৰৰ?
আজিও তিনিচুকীয়াৰ টাই, ফাকিয়াল, চিংফৌ আৰু টাইফাকে মহিলাসকলে জাংফাইৰ আ- অলংকাৰ ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে জাংফাইৰ কেৰু আৰু মাদুলিও পিন্ধে। মাটিৰ পৰা চল্লিশ- পঞ্চাশ মিটাৰ তলত পোৱা এই জাংফাই কেৱল এছিয়া মহাদেশতেই নহয় Southern California, Alaska, Mexico  and The Dominican Republicৰ খনিতো পোৱা যায়। প্ৰধানত এইকেইখন দেশেই পৃথিৱীত জাংফাই ৰপ্তানি কৰি ধনী হৈছে। ইণ্টানেটৰ আন এক তথ্যমতে জাৰ্মানীত সৰ্বাধিক জাংফাই উৎপাদন হয়। প্ৰধানত এইকেইখন দেশেই পৃথিৱীত জাংফাই ৰপ্তানি কৰি ধনী হৈছে। ইণ্টানেটৰ আন এক তথ্যমতে জাৰ্মানীত সৰ্বাধিক জাংফাই উৎপাদন হয়। মেক্সিকো, নিউ জাৰচি, লেবানন, জৰ্দান আৰু বাৰ্মাটো যথেষ্ট জাংফাই পাই বুলি লিখা আছে তথ্যটোত।
'অসমৰ পুৰণি শিল্প' পুথিখনত ভূবন চন্দ্ৰ সন্দিকৈদেৱে  জাংফাই নৰা, মিচিমি দেশৰ পৰা আনিছিল অসমলৈ আনিছিল বুলি লিখিছে। ই কেইবা প্ৰকাৰৰো হেনো। নৱকান্ত বৰুৱাদেৱে পাটকাই পৰ্বতৰ সিপাৰেহে জাংফাইৰ উৎপত্তি বুলিছিল। তেওঁ লগতে কৈছিল- গছৰ আঠাৰ পৰা ইয়াৰ তৈয়াৰ হয়। ই ৰজন জাতীয় পদাৰ্থ। ই আমাৰ শাল ধূনাৰ দৰে এবিধ আঠাহে। ৰজন হৈছে পাইন জাতীয় গছৰ আঘাত লগা পৰা ঠাইৰ ওলোৱা এবিধ আঠা। বহু বছৰ ভূ-গৰ্ভত বা সাগৰৰ তলিত থকাৰ পিছত ই জাংফাইৰ ৰূপ লয়। সহজ ভাষাত জাংফাই হ'ল ফছিল হোৱা গছৰ আঠা। আজিকালি বহুত কম দামী জাংফাই সদৃশ অলংকাৰ বজাৰত ওলাইছে যাৰ মূল্য প্ৰতি কেৰেটত দুশ টকাৰ পৰা এহেজাৰ টকা পৰ্যন্ত।

● মানুহে কিয় জাংফাই পিন্ধিছিল ?
জাংফাইক পুৰণিকালৰ পৰা জোতিষ শাস্ত্ৰ আৰু ৰত্নবিদ সকলে বিভিন্ন বিধান দি ব্যৱহাৰ কৰিবলৈ কৈছিল মানুহক। প্ৰধানতঃ আৱেগ নিয়ন্ত্ৰণ, মানসিক সুস্থিৰতা বা সন্তুলন ৰক্ষা, ভয় ভাব দূৰ কৰা, নিজকে কৰ্মী আৰু উৎসাহজনক কৰি ৰাখিবলৈ জাংফাই পিন্ধিবলৈ পৰামৰ্শ দিছিল ৰত্নবিদসকলে। কেইবাবিধো 'হিলিং এজেনট'' উপলব্ধ জাংফাইৰ শাৰিৰীক উপকাৰিতা অতীজৰে পৰা স্বীকৃত।

● বাৰ্মাৰ কাচিনত আজিও আছে জাংফাইৰ খনি
জনামতে পাঁচটা প্ৰজাতি আছে জাংফাইৰ। বাৰ্মাৰ  কাচিন প্ৰদেশৰ অন্তৰ্গত মিটকিনা জিলাত জাংফাইৰ কেইবাখনো মাইনিং খনিত আজিও জাংফাই সংগ্ৰহৰ কাম চলি আছে বুলি জানিব পৰা যায়। ১৪,৪৬৮ বৰ্গ কিঃমিঃ আৱৰি থকা এইখন মিটকিনা জিলাৰ অন্তৰ্গত এটা ইতিহাস প্ৰসিদ্ধ উপত্যকা হ'ল হুকং উপত্যকা। এই উপত্যকাতেই আছে এইকেইখন জাংফাইখনি। সমগ্ৰ এছিয়ালৈ আজিও পোনপতীয়াকৈ যায় ইয়াৰ জাংফাই। ইয়াৰঅধিবাসীসকলেও ঘৰতে খোলে আজিও প্ৰায় দুশ বিধমান জাংফাইৰ পৰা তৈয়াৰী অলংকাৰৰ দোকান।