ঐতিহ্যমণ্ডিত পুন্য নগৰী হাজো আৰু ইয়াৰ সমন্বয়......✍ চৈয়দ ৰাফিউল আখতাৰ হুছেইন

অতি প্ৰাচীন কালৰে পৰাই ধৰ্মীয় মিলনৰ পুন্যভূমি হাজো। পঞ্চতীৰ্থ নগৰী ৰূপে খ্যাত হাজোৰ ঐতিহাসিক গুৰুত্বৰ লগতে সাংস্কৃতিক তথা ধৰ্মীয় গুৰুত্বও উল্লেখযোগ্য৷ পাঁচখন তীৰ্থৰ মিলনভূমি পঞ্চতীৰ্থৰ লগতে পোৱামক্কা দৰগাহ শ্বৰীফৰ বাবে হাজোক তীৰ্থৰ মিলনভূমি তীৰ্থ নগৰী পঞ্চতীৰ্থ পুণ্যভূমি আদি ভিন ভিন আখ্যা দিয়া হয়। হাজোৰ সমন্বয়ৰ প্ৰতীক আৰু এই ক্ষেত্ৰত এই তীৰ্থ নগৰী খনে এক সুকীয়া মৰ্যাদা লাভ কৰি আহিছে৷

ইতিহাসৰ পাত লুটিয়ালে আৰু ধৰ্মীয় শাস্ত্ৰবোৰ আলোকপাঠ কৰিলে হাজোৰ ভিন্ন নাম দেখা যায়। কালিকা পুৰাণত উল্লিখিত হাজোৰ নাম হ'ল- 'মণিকূট গ্ৰাম্য' বা 'অপূৰ্ণভ', দিল্লীৰ মোগল বাদছাহ ছাহজাহানৰ দ্বিতীয় পুত্ৰ মহম্মদ চুজাউদ্দিন বংগৰ নবাব হৈ থাকোঁতে 'চুজানগৰ' আৰু আহোম-শাসন কালত বৰ্তমান সৰ্বজন গৃহীত 'হাজো' বুলি কোৱা হাজোৰ ঐতিহাসিক, সংস্কৃতিক তথা ধৰ্মীয় দিশ সম্পৰ্কে যথেষ্ট আলোচনা হৈছে। বিশেষকৈ হিন্দু- মুছলমান- বৌদ্ধি এই তিনি ধৰ্মৰ লোকৰ মিলন থলী। আনহাতে বিভিন্নজনে সমন্বয় থলী হিচাপে লিখিত বিৱৰণ প্ৰক্ষেপ প্ৰত্যক্ষ কৰা দেখা যায়। ১৬৫০/৬০ খ্ৰী: ত ৰচা 'শ্বাহমিলন' বা 'আজান পীৰ' ৰ জিকিৰত উল্লেখ আছে-
"হাজোৰ মোকামত
উৰুলি লাগিছে
চিগিল কামায়ণৰ জৰি
হিন্দুৱে বিলালে
মাহে পৰসাদে
মুছলমানে বিলালে ৰুটি ।"

মোগল, কোঁচ আৰু আহোমৰ দৰে তিনিটা বিখ্যাত ৰাজ বংশধৰ শাসিত হাজোৰ মঠ- মন্দিৰৰ লগত স্থাপত্য কলাত অতি চহকী। হাজোৰ মঠ মন্দিৰৰ ওচৰা ওচৰিকৈ আছে 'ভীমৰ পইতা খোৱা চৰিয়া', 'শিলৰ বলধ গৰু', অশোক স্তম্ভ আৰু পাহাৰ বোৰত বিভিন্ন শিলত কটা গণেশ ৰ মূৰ্টি, নেতাই ধুবুনীৰ ঘাট, বেউলাৰ ভেলৰ চিন, সৰ্পযোৱা বাট আৰু মোগল সম্ৰাটৰ শাসন কালৰ শিলৰ ফলি আদি খোদিত কিছুমান স্থাপত্য কলা৷

মহাপুৰুষ মাধৱদেৱৰ পদাৰ্পণত ঐতিহ্য মণ্ডিত হাজোত বৈষ্ণব ধৰ্মৰ দুৱাৰ মুকলি হয়৷ 'লক্ষীকান্ত আতৈ' এ হাজোত থাকি মাধৱ দেৱক মাতি আনি সত্ৰ স্থাপন কৰি নাম ধৰ্ম প্ৰচাৰ কৰিছিল তদুপৰি মহাপুৰুষ দামোদৰ দেৱৰ কেইবাখনো সত্ৰ হাজোৰ ভিন্ন অঞ্চল ত বিদ্যমান হৈ আছে।

হাজোৰ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত অৱস্থিত ধৰ্মানুষ্ঠান সমূূহত শেষ মধ্যযুগতৰ কমতা ৰজা, কোঁচ ৰজা আহোম স্বৰ্গদেউ আৰু মোগল সম্ৰট পৃষ্ঠ পোষকতাত নিৰ্মান অথবা সংস্কাৰ কৰা হৈছিল।
হাজোৰ পঞ্চতীৰ্থৰ ভিতৰত হয়গ্ৰীৱ মাধৱ দেৱালয় অন্যতম। প্ৰায় তিনিশ ফুট ওখ মনিকূট পাহাৰত অৱস্থিত এই দেৱালয় হিন্দু সকলৰ এক পৱিত্ৰ ধাম। হয়গ্ৰীৱ মাধৱৰ উৎপত্তিৰ সম্পৰ্কত যোগি তন্ত্ৰত উল্লেখ কৰা মতে উৰিষ্যাৰ ৰজা ইন্দ্ৰদুম্মাই স্বপ্নপ্ৰেৰিত হৈ সাগৰৰ পাৰলৈ গৈ মহাবৃক্ষৰ দৰ্শন পালে৷ তেও এই গছ জোপা কাটি সাত ভাগ কৰে৷ এভাগেৰে জগন্নাথ মন্দিৰ সাজি দুভাগ কামৰূপ লৈ পঠিয়াই দিয়ে। ইয়াৰে এভাগেৰে মণিকূটত হয়গ্ৰীৱ মাধৱ আৰু আন ভাগেৰে পূব দিশে ঈষাণ কোনত মৎস্য মাধৱ নিৰ্মাণ কৰা হয়। হয়গ্ৰীব মাধৱ মন্দিৰৰ ভিতৰৰ বেদিত থকা সোঁ মাজত বৃহৎ আকৃতিৰ বিগ্ৰহ জনা বুঢ়া মাধৱ বা হয়গ্ৰীব মাধৱ, তেওঁৰ বাওঁ পিনে দ্বিতীয় মাধৱ আৰু গৰুপক্ষী দক্ষিণ পিনে চলন্ত মাধৱ বা গোবিন্দ মাধৱ আৰু বাসুদেৱৰ বিগ্ৰহ৷ ইয়াৰ উপৰি ইয়াত থকা নৰ সিংহৰ মূৰ্তিক পাৰ্শ্বদেৱতা বুলি কয়। মঠৰ তলত ১২৩ টা অলংকৃত হাতীৰ মূৰৰে সজ্জিত। ১৭৫০ খ্ৰীষ্ঠাব্দত ৰজা প্ৰমত্ত সিংহই দৌল গৃহ, জগমোহন, নাটমন্দিৰ আৰু ভোগঘৰ সজায় মন্দিৰৰ ওচৰত। মাধৱ মন্দিৰ ৰ নামনিত বিষ্ণু পুষ্কৰ নামেৰে এটা পুখুৰী আছে৷ এই পুখু্ৰীটোত নানা ধৰণৰ মাছ কাছৰ মনোৰম দৃশ্য উপভোগৰ লগতে হয়গ্ৰীব মাধৱ দৰ্শনৰ বাবে দেশ বিদেশৰ দৰ্শনাৰ্থী হাজোলৈ নিয়মীয়াভাৱে আহে৷

মাধৱ মন্দিৰ ৰ প্ৰায় ৭০০ মিটাৰ পূবে গনেশ্বৰ দেৱালয়৷ এই দেৱালয় হাজোৰ পঞ্চতীৰ্থ ৰ অন্তৰ্গত৷ মন্দিৰৰ ভিতৰত গণেশৰ এটা প্ৰকাণ্ড শিলামুৰ্তি আছে। শিলটো এটা প্ৰকাণ্ড হাতীৰ দৰে। আহোম ৰজা প্ৰমত্ত সিংহই এই মন্দিৰ সজাইছিল৷

গোকৰ্ণ পাহাৰৰ ওপৰত কামেশ্বৰ মন্দিৰ অৱস্থিত। সম্ভৱতঃ ১৮ শতিকাৰ মাজভাগত ৰজা প্ৰমত্ত সিংহই এই মন্দিৰ পুনৰ নিৰ্মাণ কৰায়। কামেশ্বৰ মন্দিৰত শিৱ লিংগ আছে। মদন পূজা শিৱৰাত্ৰি ব্ৰত ইয়াত পালন কৰা হয়।

মদনাচল পাহাৰৰ ওপৰত কেদাৰ মন্দিৰ অৱস্থিত। কামেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত এই মন্দিৰ অৱস্থিত। কেদাৰ মন্দিৰৰ ভিতৰত এটি শিৱ লিংগ আৰু সদাশিৱৰ কোলাত পাৰ্বতী বহি থকা দেখা যায়। শিৱ আৰু পাৰ্বতী একেলগে বহি থকা বাবে ৰূপৰ টৌ এটাৰে বিগ্ৰহটো ঢাকি থোৱা দেখা যায়। এই দেৱালয় কোনে কেতিয়া নিৰ্মাণ কৰিছিল জানিব পৰা নাযায়। শিৱৰাত্ৰিৰ দিনা কেদাৰ দেৱালয়ত হাজাৰ হাজাৰ দৰ্শানাৰ্থীৰ সমাগম হয়। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দৰে ইয়াতো এটা পুখুৰী আছে এই পুখুৰীটোক মদন পুষ্কৰ বোলে।

কেদাৰ মন্দিৰৰ পূবত কমলেশ্বৰ শিৱৰ দেৱালয় অৱস্থিত। এই মন্দৰটো মদন পুষ্কৰ পুখুৰীৰ পাৰত অৱস্থিত। এই মন্দিৰত শিৱৰ লংগ আছে। কালিকা পুৰাণত এই ঠাই খনক পুষ্প নগৰ বুলি উল্লেখ আছে। যোগিনী- তন্ত্ৰতো কমলেশ্বৰ মন্দিৰ ৰ উল্লেখ পোৱা যায়৷

হয়গ্ৰীব মাধৱ কেদাৰ কমলেশ্বৰ কামেশ্বৰ আৰু গনেশ মন্দিৰক হাজোৰ পঞ্চতীৰ্থ বুলি কোৱা হয়। এই পঞ্চতীৰ্থ পৰিচালনাৰ বাবে দলৈ আছে যদিও হাজো চক্ৰ বিষয়াক সভাপতি হিচাপে লৈ এখন সমিতিৰ দ্বাৰা হে পৰিচালিত হয়।

মণিকুট পাহাৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ পূবত গৰুড়াচল পাহাৰৰ শিখৰত পোৱামক্কা দৰ্গাহ শ্বৰীফ অৱস্থিত। পোৱামক্কা মুছলমান সকলৰ এখনি পৱিত্ৰ তীৰ্থক্ষেত্ৰ। হিন্দুসকলেও ইয়াক পৱিত্ৰ তীৰ্থস্থানৰ মৰ্যদা দি আহিছে। বিশেষকৈ জেঠ মাহৰ পূৰ্ণিমা তিথিত হিন্দুসকলেও এই পৱিত্ৰ তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰে। পোৱামক্কা পাহাৰখন গৰুড়াচল হোৱাত এক জনবিশ্বাস আছে যে শ্ৰীকৃষ্ণই সুদূৰ দ্বাৰকাৰ পৰা গৰুড় পক্ষীৰ পিঠিত উঠি আহি ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণী দেৱীক হৰণ কৰি উভতি যাওঁতে জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনা গৰুড় পক্ষীয়ে অচল হৈ এইখন পাহাৰত জিৰণি লৈছিল৷ গৰুড় পক্ষী অচল হৈ পৰাৰ বাবে এই পাহাৰ খনৰ নাম গৰুড়াচল বুলি মানুহে বিশ্বাস কৰে৷ সেয়েহে জেঠমাহৰ পূৰ্ণিমা তিথিৰ দিনা হিন্দু সকলে অতি পৱিত্ৰ জ্ঞান কৰি মাজাৰলৈ গৈ প্ৰাৰ্থনা জনায়।
হাজোৰ পোৱামক্কা দৰ্গাহ শ্বৰীফ বা গিয়াচুদ্দিন আউলীয়াৰ মাজাৰ শ্বৰীফ সমন্বয়, ঐক্য আৰু সংহতিৰ প্ৰতীক স্বৰূপ। ১১৯৩ খ্ৰীঃত ইৰাণৰ তাব্ৰিজ নগৰত জন্ম গ্ৰহন কৰা গিয়াচুদ্দিন ৩৫ বছৰ তাব্ৰিজ নগৰত বাদছাহ হৈ পিছত পুত্ৰৰ হাতত ৰাজ্য ভাৰ গতাই দি নানা ঠাই ঘুৰি ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে। প্ৰথমে ধৰ্ম প্ৰচাৰৰ বাবে দিল্লী তাৰ পিছত লাহোৰ বিহাৰ আদি ঠাই ভ্ৰমণ কৰি শেষ ২০ বছৰ কাল অসমত অতিবাহিত কৰে। তেওৰ লগত ৭০ জন ভক্ত আহিছিল। অসমত আহি তেওঁ গৰুড়াচল পাহাৰত মছজিদ সাজি ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে।
দিল্লীৰ সম্ৰাট ছাহজাহানৰ ৰাজত্ব কালত বংগৰ শাসন কৰ্তা চুজাউদ্দিন মহম্মদ ৰ শাসন কালত হাজোৰ পোৱামক্কা পুনৰ নিৰ্মাণ হয় ১৬৫৭ খ্ৰীঃত। ইয়াৰ উল্লেখ মছজিদৰ ওচৰত থকা শিলৰ ফলি খনত খোদিত কৰা আছে। ইয়াৰ পিছত আহোম আৰু কোঁচ ৰজা আৰু পৰৱৰ্তী সময়ৰ ৰজা সকলেও পোৱামক্কাৰ উন্নতিৰ বাবে মাটি বাৰী দান কৰিছিল।

সম্প্ৰীতিৰ ধাৰাবাহিকতাৰ সোঁত হাজো অঞ্চলত এতিয়াও অটুট আছে। ১৯৯২ চনৰ মাঘ মাহৰ বৰ বিহুৰ দিনা প্ৰথম হাজোত মণিকুট উৎসৱ পালন কৰা হয়। এই মণিকুট উৎসৱ হ'ল সাংস্কৃতিক শোভযাত্ৰা। বাবৰি মছজিদ ধ্বংসৰ পিছত হাজোৰ আঞ্চলিক ছাত্ৰ সন্থাই মাঘ বিহু মণিকূট উৎসৱৰ আয়োজন কৰি বৰ বিহুৰ দিনা শান্তি সম্প্ৰীতিৰ বানী কঢ়িয়াই সমন্বয় শোভাযাত্ৰা অনুষ্ঠান কৰি আহিছে। এই শোভাযাত্ৰা হিন্দু- মুছলমান আৰু অন্যান্য সম্প্ৰদায়ৰ কলা কৃষ্টি প্ৰদৰ্শন কৰি পোৱামক্কাৰ পৰা আৰম্ভ হৈ মাধৱ মন্দিৰৰ দামোঠাৰ গুৰিত সামৰণি পৰে। এই শোভাযাত্ৰাৰ প্ৰধানতঃ পোৱামক্কাৰ মাননীয় খাদিম চাহেব আৰু পঞ্চতীৰ্থ দেৱালয় মাননীয় দলৈ মহোদয়ে বিশেষ ভাবে অংশ লয়।

সামাজিক ভাৱে হাজোৰ উভয় ধৰ্মৰ লোক সকলে এটা পৰিয়াল ৰ দৰে জীৱন নিৰ্বাহ কৰি আহিছে। প্ৰায় উনৈশ শতিকাৰ মাজ ভাগতে প্ৰতিষ্ঠিত হোৱা হাজো ৰাইজ নামৰ সামাজিক অনুষ্ঠানটোত উভয় সম্প্ৰদায়ৰ লোক একেলগে একেডাল জৰীৰে বান্ধ খাই আছে। দুৰ্গা পূজা, বিহু, ঈদ আদি উৎসৱত হাজো ৰাইজে অংশ গ্ৰহণ কৰে। নামঘৰ মছজিদ আৰু পঞ্চতীৰ্থৰ প্ৰায় সোঁ- মাজত দৰগাহ শ্বৰীফ অৱস্থিত। এইখন তীৰ্থ নগৰী হাজো গোটেই ভাৰতবৰ্ষৰে এক সমন্বয়ৰ প্ৰতীক।